পৃথিৱীৰ সকলো দেশৰ সকলো জাতিৰ মানুহৰ মাজত নিজৰ মাতৃভাষাৰ সমান আদৰৰ বস্তু আন একো হ'ব নোৱাৰে। শিশু মাতৃৰ গৰ্ভৰপৰা উপজি যেতিয়া কথা-বতৰা পাতিব পৰা হয়, তেতিয়া মাকৰ সৈতে যি ভাষাৰে কথা পাতে, সেই ভাষাই মানুহৰ মাতৃভাষা। নিজৰ মাকৰ লগত যি ভাষাৰে শিশুৱে পোনতে কথা-বতৰা পাতি মনৰ ভাৱ প্ৰকাশ কৰে, সেই ভাষাৰ সমান মৰমৰ ভাষা আন একোৱেই হ'বলৈ অসমৰ্থ। নিজ মাতৃভাষাৰ সাহিত্য সম্পদ চহকী নহ'ব পাৰে, তথাপি সেই ভাষা-ভাষী মানুহৰ মাজত সি কেতিয়াও অনাদৰৰ বস্তু হ'ব নোৱাৰে। আপোন মাতৃভাষাক ভাল পোৱাটো মানুহৰ এটা জন্মগত স্বত্ব।