মানুহ মৰণশীল। সকলো মানুহ এদিন মৰিবই। ইফালে আকৌ মানুহৰ অন্তৰত বাচি থকাৰ কিমান যে হেপাহ ! মৰাৰ পাছতো যেন নামটো অন্ততঃ ৰৈ যায়। এইটোও ঠিক, মৰাৰ পাছত মানুহৰ সকলো শেষ হৈ নাযায়। জীৱন খন্তেকীয়া হ'লেও কৰ্মৰ ফল যুগমীয়া। গতিকে কৰ্মৰদ্বাৰা মানুহে মৰিও অমৰ হৈ থাকিব পাৰে। অতীতৰ যিসকল লোকৰ নাম আজিও নুমাই নোযোৱাকৈ আছে, সেইসকল আটাইকে আমি মাথোন তেওঁলোকে কৰি থৈ যোৱা কামৰ মাজেৰেহে পাইছোঁ। গতিকে অন্তৰত কেৱল নাম কৰাৰ বাসনা থাকিলেই নহ'ব, নাম ৰাখি থৈ যাব পৰাৰ জোখাৰে কামো কৰিব লাগিব, তেনে মানুহৰ কীৰ্তি চন্দ্ৰ-দিবাকৰ থাকে মানে জিলিকি থাকিব ।